হোজাইৰ RTU ত থীম চঙৰ পৰিৱৰ্তে ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া
হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ (Hojai Rabindranath Tagore University) প্ৰতিষ্ঠা দিৱসত থীম চঙৰ পৰিৱৰ্তে ৰবীন্দ্ৰ সংগীত পৰিৱেশন কৰাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়া ৷ বিৱৰণি অনুসৰি, যোৱা ১ জুনত আছিল মহাবিদ্যালয়ৰ পৰা সদ্য উন্নীতকৰণ হোৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী (Foundation Day of Hojai Rabindranath Tagore University) । সেই মৰ্মে এই অনুষ্ঠানটোৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছিল এক থীম চং । কিন্তু অনুষ্ঠানৰ সময়ত বিশেষ থীম চঙটোৰ পৰিৱৰ্তে পৰিৱেশন কৰা হ’ল ৰবীন্দ্ৰ সংগীত । এই লৈ এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । আনকি অসমীয়া ভাষা সংস্কৃতিক অৱজ্ঞা কৰাক লৈ ৰবীন্দ্ৰনাথ বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ড৹ অমলেন্দু চক্ৰৱৰ্তীক বিভিন্ন মহল তথা দল সংগঠনে গৰিহণা দিয়া পৰিলক্ষিত হয় ।