অসম

assam

ETV Bharat / videos

24 বছৰে মাঘৰ মেজি জ্বলা নাই কেকেৰীকুছিত - বিহুক আদৰাৰ কোনো প্ৰস্তুতি

By

Published : Jan 12, 2021, 1:59 PM IST

Updated : Jan 12, 2021, 2:51 PM IST

সমগ্ৰ ৰাজ‍্য সাজু হৈছে ভোগালী বিহুক আদৰিবলৈ। কিন্তু ৰঙিয়াৰ কেকেৰীকুছি গাঁৱত নাই বিহুক আদৰাৰ কোনো প্ৰস্তুতি ৷ চৌব্বিশ বছৰ পূৰ্বে উৰুকাৰ নিশা গাঁওখনত চলা হত‍্যালীলাৰ কথা সুৱৰি আজিও গাঁওবাসীয়ে চকুপানী টোকে। ১৯৯৮ চনৰ ১৩ জানুৱাৰীত মাঘবিহুৰ উৰুকাৰ নিশা ৮.১০ বজাত অস্ত্ৰধাৰী বড়ো উগ্ৰপন্থীৰ নিৰ্বিচাৰ গুলিচালনাত শিশু মহিলা সহ ১৭ জনকৈ নিৰীহ লোক নিহত হৈছিল এই গাঁওখনত। সেই বিভীষিকাময় দিনটোৰ পাছৰে পৰা গাঁওবাসীয়ে আজিলৈকে কোনোদিনে ভোগালী বিহু পালন কৰা নাই। এই দিনটোতে অঞ্চলটোৰ ৰাইজে হত্যাকাৰী নিপাত যোৱাৰ উদ্দেশ্যে সমাধিস্থলীত এহেজাৰ চাকি জ্বলোৱাৰ লগতে নাম-কীৰ্তন কৰি আহিছে। এই পবিত্ৰ দিনটোত গাঁওবাসীয়ে আনন্দত আত্মাহাৰা হোৱাৰ পৰিৱৰ্তে শোক পালন কৰি আহিছে যোৱা 23 বছৰৰ পৰা ।
Last Updated : Jan 12, 2021, 2:51 PM IST

ABOUT THE AUTHOR

...view details