অসম

assam

কলিয়াবৰত অজগৰ উদ্ধাৰ

By

Published : Jul 8, 2022, 10:32 AM IST

কলিয়াবৰ চাহ বাগিচাৰ সোণাৰি ডিভিজনৰ সাত নং লাইনৰ পৰা শুকুৰবাৰে এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ হয়(Python rescue in Kaliabor) । চাহ বাগিচাখনত শ্ৰমিকে কীটনাশক দৰৱ দিয়াৰ সময়ত নলাত প্ৰত্যক্ষ কৰে সাপডাল । পাছত ঘটনাস্থলীত প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীব ডেকা উপস্থিত হৈ উদ্ধাৰ কৰে অজগৰডাল । সম্প্ৰতি উদ্ধাৰ হোৱা অজগৰডাল শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চল(Silghat-Kamakhya Reserve Forest) ত্ৰিশূলধাৰীত মুকলি কৰি দিয়া হৈছে । শেহতীয়াকৈ কলিয়াবৰৰ ভিন্ন স্থানত ধাৰবাহিকভাৱে বিভিন্ন প্ৰজাতিৰ বিষাক্ত আৰু বৃহৎ আকাৰৰ সাপ উদ্ধাৰ হোৱা দেখা গৈছে (Variety of Snake recovered at Nagaon)। আতংকৰ সৃষ্টি কৰা বহু সাপ ইতিমধ্যে উদ্ধাৰ কৰি সুৰক্ষিত স্থানত মুকলিও কৰা হৈছে ।

ABOUT THE AUTHOR

...view details