অসম

assam

By

Published : Jun 17, 2022, 9:33 PM IST

ETV Bharat / videos

বগৰীবাৰীত ছিঙিল মথাউৰি: বন্যাৰ্তৰ মাজত হাহাকাৰ

ৰাজ্যত বানে ধাৰণ কৰিছে সংহাৰী ৰূপ (Flood in assam in 2022) ৷ প্ৰতিমূহুৰ্ততে বৃদ্ধি পাইছে নৈ-উপনৈসমূহৰ জলস্তৰ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশা ৰঙিয়াৰ সমীপৰ বগৰীবাৰীত পুঠিমাৰী নৈয়ে ছিঙিলে মথাউৰি । তথ্য অনুসৰি, পুঠিমাৰী নৈখনে তিনি ঠাইত ছিঙিছে মথাউৰি (Puthimari river damages embankment at Rangia) । বগৰীবাৰীৰ দুই ঠাইত আৰু ধূলাবৰীৰ লাউকুৰিত মথাউৰি ছিঙাত ৰঙিয়াৰ বিস্তিৰ্ণ অঞ্চল এতিয়া ডুব গৈছে বাঢ়নী পানীৰ তলত ৷ ফলত কৰৰা গড়ৰ ভিতৰত আৱদ্ধ হৈ পৰিছে শ শ লোক । ইতিমধ্যে NDRF বাহিনীৰ দ্বাৰা উদ্ধাৰ অভিযান চলাই থকা হৈছে বুলি জানিব পৰা গৈছে । বাতৰি যুগুত কৰা পৰলৈকে উদ্ধাৰ কৰা হৈছে শতাধিক লোকক ৷ তথ্য অনুসৰি, NDRF বাহিনীৰ ২৫ জনীয়া দলে ৪ খন মেচিন চালিত নাৱত এই উদ্ধাৰ অভিযানত নামি পৰিছে । কিন্তু বৰ্তমানেও বহু লোক আৱদ্ধ হৈ থকাৰ তথ্য লাভ কৰা হৈছে । উল্লেখ্য যে, পূৰ্বতকৈ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হৈছে ৰাজ্যবাসীয়ে । ইতিমধ্যে বৰলীয়া নৈৰ বাঢ়নী পানী আৰু কৃত্ৰিম বানপানীত জলমগ্ন হৈছে মহকুমাটোৰ প্ৰায় ভাগ অঞ্চল ৷

ABOUT THE AUTHOR

...view details