হাতত মমবাতি লৈ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ - protest against electricity department
বঙাইগাঁও জিলাৰ বালাৰচৰত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ হাতে হাতে চাকি জ্বলাই বালাৰচৰ গাঁৱৰ শতাধিক ৰাইজ ওলাই আহিল ৰাজপথত ৷ জানিব পৰা মতে বিজনী বিদ্যুৎ উপ-সংমণ্ডলৰ অন্তৰ্গত বালাৰচৰ মাত্ৰাঘোলা গাঁও পঞ্চায়তত যোৱা দুদিনৰ পৰা বিদ্যুৎ বিভাগে কৰ্তন কৰিছে বিদ্যুৎ সেৱা (People protest against electricity department)। কীৰ্তনপাৰা পৰা বালাৰচৰ, মাত্ৰাঘোলাৰ বিদ্যুৎ সংযোগৰ মাজ ভাগত দুদিন আগত ১১ হাজাৰ ভল্টেজৰ খুঁটা এটা বাগৰি পৰে যদিও পিছলৈ স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক খুঁটা বাগৰি পৰা বুলি অবগত কৰিছিল ৷ যদিও এইক্ষেত্ৰত কাণসাৰ নাই বিদ্যুৎ বিভাগৰ ৷ এই পৰ্যন্ত খুঁটাটো ঠিক নকৰিলে বিদ্যুৎ বিভাগে ৷ বৰঞ্চ কৰ্তন কৰিলে ১০ খন গাঁৱৰ বিদ্যুৎ । সেয়ে বিদ্যুৎ বিভাগৰ প্ৰতি ক্ষুদ্ধ হৈ বালাৰচৰ মাত্ৰাঘোলা গাঁৱৰ ৰাইজ একগোট হৈ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগ হায় হায়, বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ গুণ্ডামি নচলিব আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । অতিশীঘ্ৰে বিদ্যুৎ নিয়মীয়াকৈ যোগান ধৰিবলৈ দাবী জনাইছে প্ৰতিবাদকাৰীসকলে ৷