যোৰহাট মেডিকেল কলেজ হাস্পতালৰ ICU ত চোৰৰ টিঘিল-ঘিলনী - যোৰহাট মেডিকেল কলেজ হাস্পতাল
পুনৰ চৰ্চাত যোৰহাট মেডিকেল কলেজ হাস্পতাল ৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থা থকাৰ পাচতো এইবাৰ আইচিইউ পালেগৈ এটা চোৰে ৷ প্ৰত্যক্ষদৰ্শীৰ সন্দেহ, আইচিইউৰ সামগ্ৰী চুৰি কৰাৰ সংক্ৰান্ততে হাস্পতালৰ আইচিইউ পালে গৈ চোৰটোৱে ৷ এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে নিশা হাস্পতাল চৌহদত সৃষ্টি হয় এক হুলস্থূলীয়া পৰিৱেশৰ (Tense situation in JMCH) ৷ ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় আৰক্ষীক ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে চোৰটোক (Public caught a thief in JMCH) ৷ তথ্য অনুসৰি, চোৰটোৰ পকেটৰ পৰা পোৱা গৈছে ড্ৰাগছ ভৰ্তি টেমাও ৷