টিংখাঙত বিশেষভাৱে সক্ষম লোকক সহায় - ভোজ ভাত খুৱাই
বিহুৰ প্ৰথম দিনটোতেই টিংখাঙৰ এগৰাকী সচেতন মহিলাৰ ব্যতিক্ৰমী পদক্ষেপ । সদৌ অসম সচেতন মহিলা মঞ্চৰ সভানেত্ৰী অনুপমা ফুকনে ব্যক্তিগতভাৱে বিহুৰ প্ৰথম দিনটোতে টিংখাঙৰ বিভিন্ন প্ৰান্তৰ বিশেষভাৱে সক্ষম ব্যক্তিসকলক একত্ৰিত কৰি নৃত্য-গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে উপহাৰৰ টোপোলা বিতৰণ কৰে । এগৰাকী কাপোৰৰ ব্যৱসায়ী তথা সদৌ অসম সচেতন মহিলা মঞ্চৰ সভানেত্ৰীৰ দায়িত্ব লৈ মাইক্ৰ’ফাইনেঞ্চৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰখা সমাজৰ প্ৰতি অত্যন্ত দায়ৱদ্ধশীল অনুপমা ফুকনৰ নেতৃত্বত বিভিন্ন সময়ত সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰি ৰাইজৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে । বৃহস্পতিবাৰে পহিলা বিহুৰ দিনাই ঘৰৰ চোতালতে বিশেষভাৱে সক্ষম ব্যক্তিসকলক প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দি তেওঁলোকক এসাঁজ ভোজ ভাত খুৱায় । অনুপমা ফুকনৰ এই পদক্ষেপক লৈ অভিভাৱকসকল উৎফুল্লিত হৈ পৰে ।