জনজাতিকৰণৰ দাবীত কলিয়াবৰত কোচ ৰাজবংশী লোকৰ প্ৰতিবাদ - কোচ ৰাজবংশীৰ যুৱ ছাত্ৰ সন্মিলন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি কলিয়াবৰৰ আমবাগানত কোচ ৰাজবংশী সন্মিলনীৰ লোকসকলে সাব্যস্ত কৰে প্ৰতিবাদ (Koch Rajbanshi people protest) । অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অতি শীঘ্ৰে কোঁচৰাজবংশী লোক সকলক জনজাতিকৰণ নকৰিলে অনাগত দিনত ৰাজপথ, ৰেলপথ অৱৰোধ কৰি প্ৰতিবাদ কৰাৰ হুংকাৰ । কোচ ৰাজবংশীৰ যুৱ ছাত্ৰ সন্মিলন আৰু মহিলা সন্মিলনেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।