অসম

assam

ETV Bharat / videos

Privatization of River Transport: ব্যক্তিগতকৰণৰ বাট মুকলি হ’ল নদী পথ যাতায়াতৰ - ব্যক্তিগতকৰণৰ বাট মুকলি হ’ল নদী পথৰ যাতায়াতৰ

By

Published : Oct 15, 2022, 4:10 PM IST

ৰাজহুৱা খণ্ড বুলি দেশত ভৱিষ্যতে কিবা বাকী থাকিবগৈনে ? সম্প্ৰতি এই প্ৰশ্নই প্ৰত্যেকজন ভাৰতীয়ৰ মনত দোলা দি আছে ৷ কেন্দ্ৰত বিজেপিৰ চৰকাৰ অহাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটাৰ পিছত এটাকৈ বহু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডৰ হাতত গতাই দিছে । মাত্ৰ কেইজনমান বিশেষ ব্যক্তিৰ হাতত এতিয়া দেশৰ অধিকাংশ সম্পত্তি । এইবাৰ নদী পথৰ যাতায়াতৰ পাল । হয় থিকেই শুনিছে, অচিৰেই নদী পথৰ যাতায়াত হ’ব ব্যক্তিগতকৰণ (Privatization of river road transport) ৷ ফেৰীৰ ১০০ শতাংশ ভাড়া বৃদ্ধি (Increase in ferry fares) সন্দৰ্ভত মাজুলীৰ আৱৰ্ত ভৱনত চলি থকা ৰাজহুৱা শুনানিৰ সময়তে পোহৰলৈ আহিছে এই তথ্য । শুনানি গ্ৰহণ কৰা বিষয়াই অকপটে স্বীকাৰ কৰিলে এই কথা ৷ ইয়াৰ পিছতেই আৰম্ভ হৈছে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ৷

ABOUT THE AUTHOR

...view details