অসম

assam

ETV Bharat / videos

শনিবাৰে আদালতত হাজিৰ কৰা হ’ব অৱদেশ যাদৱ হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ডক - সহকাৰী আৰক্ষী আয়ুক্ত পৃথ্বীৰাজ ৰাজখোৱা

By

Published : Sep 2, 2022, 4:09 PM IST

ছাত্ৰীবাৰীৰ ব্যৱসায়ী অৱদেশ যাদৱ হত্যাকাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড ডব্লিউ যাদৱ ওৰফে ৰাধিকা ৰমণক শনিবাৰে আদালতত হাজিৰ কৰোৱা হয়(Prime Accused of Chatribari Murder Case) ৷ সহকাৰী আৰক্ষী আয়ুক্ত পৃথ্বীৰাজ ৰাজখোৱাৰ(ACP Prithviraj Rajkhowa) নেতৃত্বত যোৱা এটা দলে দিল্লীৰ ওখলাৰ পৰা গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে নিশা গুৱাহাটীলৈ আনে হত্যাৰ অভিযুক্ত ডব্লিউ যাদৱক । নিশা প্ৰায় ১২.৩০বজাত বৰঝাৰ বিমান বন্দৰৰ(Borjhar Airport) পৰা পল্টন বজাৰ থানা লৈ অনা হয় ডব্লিউ যাদৱক । পঞ্জাৱ, নেপাল, বিহাৰকে ধৰি বিভিন্ন স্থানত আত্মগোপন কৰি আছিল ডব্লিউ যাদৱে ৷ ফোন নম্বৰ ট্ৰেচ কৰি 29 আগষ্টত দিল্লীৰ ছাকেট অঞ্চলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Chatribari Murder Case Prime Accused W Yadav) ৷ ডব্লিও যাদৱৰ পৰা এটা হস্তনিৰ্মিত পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ প্ৰায় ২ লাখ টকাৰ বিনিময়ত খুলশালী তথা শ্বুটাৰ বাবলু যাদৱে অন্য এজন শ্বুটাৰ পংকজ ৰাম ওৰফে পংকজ কুমাৰক অৱদেশ হত্যাৰ চুপাৰি দিছিল ৷ বলৱান সিং পাচোৱান নামৰ অন্য এজন শ্বুটাৰক চুপাৰি দিছিল বাবলুৱে ৷ ডব্লিউ যাদৱ ওৰফে ৰাধিকা ৰমণক আদালতৰ পৰা ১৪ দিনৰ জিম্মাত বিচাৰিব মহানগৰ আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details