অসমত প্ৰতিদিনে প্ৰয়োজন হৈছে ২০ মেট্ৰিকটন অক্সিজেন : হিমন্ত বিশ্ব শৰ্মা
অক্সিজেনৰ ক্ষেত্ৰত অসমত এতিয়াও কোনোধৰণৰ অভাৱ হোৱা নাই । অসমত ক'ভিডসৃষ্ট পৰিস্থিতিৰ বাবে প্ৰতিদিনে ২০ মেট্ৰিকটন অক্সিজেনৰ প্ৰয়োজন । কিন্তু সম্প্ৰতি দৈনিক ৬১ মেট্ৰিকটন অক্সিজেন অসমে উৎপাদন কৰিবলৈ সক্ষম হৈছে । সোমবাৰে গুৱাহাটী এখন সাংবাদমেলত এই মন্তব্য কৰিছে ড৹ হিমন্তবিশ্ব শৰ্মাই । শীঘ্ৰে অসমত অক্সিজেন মজুতকৰণৰ ক্ষমতা ৪৬৮ মেট্ৰিকটন স্পৰ্শ কৰিব বুলিও হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে । উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰৰ সহযোগত ৰাজ্যৰ স্বাস্থ্য বিভাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্থাপন কৰা তিনিটাকৈ অক্সিজেন প্ৰকল্প আজিৰে পৰা কাৰ্যক্ষম হৈ উঠিছে । আগন্তুক দহ দিনলৈ অসমত ক'ভিড ৰোগীৰ বাবে অক্সিজেনৰ কোনোধৰণৰ অভাৱ নঘটিব বুলিও তেওঁ ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।