অসম

assam

ETV Bharat / videos

ইউপিপিএলৰ নেতা-কৰ্মীক টিকট দিব নোৱাৰাত দুখ প্ৰকাশ প্ৰমোদ বড়োৰ - ইউপিপিএলৰ নেতা-কৰ্মীক টিকট দিব নোৱাৰাত দুখ প্ৰকাশ প্ৰমোদ বড়োৰ

🎬 Watch Now: Feature Video

By

Published : Mar 9, 2021, 7:53 AM IST

ইউপিপিএল দলৰ হকে কষ্ট আৰু ত্যাগ কৰা বহু নেতা-কৰ্মীক টিকট দিব নোৱাৰাত দুখ প্ৰকাশ কৰিছে ইউপিপিএল দলৰ সভাপতি তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োই ৷ সোমবাৰে কোকৰাঝাৰত সাংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰি কয়, ৰাজনীতিত গিভ এণ্ড টেক থাকে ৷ ৰাজনীতি কৰা বা খেলাটোৱেই আমাৰ প্ৰধান উদ্দেশ্য নহয়, বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰাই আমাৰ মূল উদ্দেশ্য ৷ টিকট নোপোৱা সকলৰ মাজত অসন্তুষ্টি, আপত্তি আদি নানা ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হয় আৰু ৰাজনীতিত এনে হোৱাটো স্বাভাৱিক ৷ আনহাতে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দক্ষ নেতৃত্বত তথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত ৰূপায়িত হোৱা বিভিন্ন ধৰণৰ জনকল্যাণমুলক আঁচনিৰ বাবেই ৰাইজে বিজেপি, ইউপিপিএল আৰু অগপ মিত্ৰজোঁটক আকোৱালি লৈছে বুলি মন্তব্য কৰি মুখ্য কাৰ্যবাহী গৰাকীয়ে কয়, মিত্ৰতাৰ অৰ্থই হৈছে সকলোৰে সৈতে মিলিজুলি থকা ৷ কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁট বন্ধনে বিজেপি, ইউপিপিএল আৰু অগপৰ কোনো ক্ষতি কৰিব নোৱাৰে ৷

ABOUT THE AUTHOR

...view details