প্ৰজ্ঞা ফাউণ্ডেচন উদ্যোগত দলীয় নৃত্য প্ৰতিযোগিতাৰ আয়োজন - হৰদত্ত্ব বীৰদত্ত্ব ভৱনত প্ৰজ্ঞা ফাউণ্ডেচন
ৰঙিয়াত দেওবাৰে ঐতিহাসিক হৰদত্ত্ব বীৰদত্ত্ব ভৱনত প্ৰজ্ঞা ফাউণ্ডেচন কামৰূপ জিলাৰ উদ্যোগত জিলাভিত্তিক এখনি দলীয় নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় (Pragya Foundation Kamrup organized dance competition)। প্ৰতিযোগিতাখনৰ বন্তি প্ৰজ্বলন কৰে ৰঙিয়া মহকুমাৰ সংঘ পৰিচালক খগেন্দ্ৰ নাথ শৰ্মাই । অনুষ্ঠানটোৰ মঞ্চ উদ্বোধন কৰি কামৰূপ জিলা সংঘ পৰিচালক ৰজৎ চন্দ্ৰ ভৰালীয়ে বন্দে মাতৰমৰ ইতিহাস ব্যাখ্যা কৰে । প্ৰতিযোগিতাখনত বিচাৰকৰ আসন গ্ৰহণ কৰে মনোৰঞ্জন ভাগৱতী, কনক ডেকা আৰু শ্ৰীমতী পিংকু দেবীয়ে । জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা ছয়টা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ তালে তালে নৃত্য প্ৰদৰ্শন কৰে । প্ৰতিযোগীসকলৰ বয়সৰ কোনো সীমা নথকা প্ৰতিযোগিতাখনত স্থান প্ৰাপক তিনিওটা দলকেই নগদ ধনেৰে পুৰস্কৃত কৰা হয় । লগতে প্ৰথম আৰু দ্বিতীয় স্থান পোৱা দল দুটাক এক অক্টোবৰত গুৱাহাটী কলাক্ষেত্ৰত আয়োজন হ’বলগীয়া ৰাজ্যভিত্তিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰা হ’ব বুলি জানিব দিয়ে উদ্যোক্তা সমিতিয়ে ।