অসম

assam

ETV Bharat / videos

মাণিকপুৰত ৰাষ্ট্ৰীয় পোষন মাহ আৰম্ভ - Rally for awareness

By

Published : Sep 2, 2022, 8:10 PM IST

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে শিশু সকলৰ মানসিক আৰু শাৰিৰীক বিকাশৰ বাবে বৃহস্পতিবাৰৰ পৰা এমাহ জুৰি সমগ্ৰ দেশতে আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পোষন মাহৰ । বঙাইগাঁও জিলাৰ মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যতো ৰাষ্ট্ৰীয় পোষন মাহ উপলক্ষে সজাগতামূলক সমদল উলিওৱা হয়(Rally for awareness) । মাণিকপুৰ উন্নয়ন খণ্ড কাৰ্যালয়ৰ সম্মুখৰ পৰা এই সজাগতামূলক সমদলৰ শুভ উদ্বোধন কৰে খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষে(Poshan maah observed in Manikpur) । সমাজত বাল্যবিবাহ ৰোধ কৰা, শিশুৰ পুষ্টিহীনতা দূৰ কৰা, অংগনবাদী কেন্দ্ৰৰ পৰা শিশু সকলক স্বাক্ষৰ কৰা আদি শ্লোগানৰে এই সজাগতামূলক সমদল উলিয়ায় । মাণিকপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ সমুহ অংগনাৱাদী কেন্দ্ৰৰ কৰ্মী-সহায়িকা সজাগতামূলক সমদলত অংশগ্ৰহন কৰে । মাণিকপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ পৰা সমদল কৰি মাণিকপুৰ চাৰিআলি হৈ সমদল কৰি বিভিন্ন শ্লোগান দি সজাগতামূলক সমদলৰ কাৰ্যসূচী সমাপ্ত কৰে ।

ABOUT THE AUTHOR

...view details