অসম

assam

ETV Bharat / videos

পুৰণিগুদামত বিদ্যুৎ বিভাগৰ মৰণফাণ্ড

By

Published : Sep 22, 2022, 10:43 PM IST

শক্তি বিভাগৰ গাফিলতি আৰু অৱহেলাৰ বাবে সাধাৰণ ৰাইজে জলাকলা খাই অহাতো কোনো নতুন কথা নহয় ৷ বৃহস্পতিবাৰে নগাঁৱৰ পুৰণিগুদামৰ সুতাৰ গাঁৱত থকা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ তাঁৰডাল পথতে ছিগি পৰে ৷ লগে লগে ৰাইজে বিদ্যুৎ বিভাগক খবৰ দিয়ে যদিও 12 ঘণ্টা ওকলি যোৱাৰ পিছতো বিদ্যুৎ বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাত স্থানীয় লোকসকল ক্ষোভিত হৈ পৰে ৷ ইফালে নিয়মিত বিদ্যুৎ যোগান নধৰাৰ ফলত প্ৰচণ্ড গৰমত নাজল নাথল অৱস্থা হৈছে ৰাইজৰ (Poor Electricity Supply at Puranigudam) । উল্লেখ্য যে, গাঁওখনত প্ৰায়ে এনে ঘটনা সংঘটিত হোৱাৰ ফলত গাঁওবাসী অন্ধকাৰত ডুব গৈ থাকিবলগীয়া হয় (No electricity at Puranigudam ) ৷ সেয়ে নতুনকৈ খুঁটা পুতি সোনকালে বিদ্যুৎ যোগান ধৰি অঞ্চলটোক অন্ধকাৰ তথা গৰমৰ প্ৰকোপৰ পৰা উদ্ধাৰ কৰিবলৈ বিভাগীয় কতৃপক্ষক দাবী জনাইছে গাঁওবাসী ৰাইজে (Demand for regularizing of electricity supply) ।

ABOUT THE AUTHOR

...view details