অসম

assam

ETV Bharat / videos

Drive against Plastic: হোজাইত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ বিৰুদ্ধে অভিযান - পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড

By

Published : Jul 19, 2022, 10:23 AM IST

হোজাই জিলাত সোমবাৰে এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰীৰ বিৰুদ্ধে পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু লংকা পৌৰসভাই এক যৌথ অভিযান চলায়(Pollution Control Board Drive against disposable plastic bags) । লংকা পৌৰসভাৰ অন্তৰ্গত কেইবাখনো প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ কৰ্মচাৰীয়ে, লংকা পৌৰসভা কৰ্মীৰ সহযোগত এই অভিযান চলায় । ইতিমধ্যে অভিযানত কেইবাখনো বিপনীৰ পৰা জব্দ কৰা হৈছে বুজন পৰিমাণৰ প্লাষ্টিকৰে নিৰ্মিত সামগ্ৰী ৷ উক্ত বিপনীসমূহৰ বিৰুদ্ধে সোমবাৰে পৰিবেশ প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ এটি দলে অভিযান চলাই বুজন পৰিমাণৰ প্লাষ্টিকৰে নিৰ্মিত বয়বস্তু জব্দ কৰাৰ লগতে পৌৰসভাৰ ফালৰ পৰা জৰিমনা বিহা হয় ।

ABOUT THE AUTHOR

...view details