অসম

assam

কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়ীত কোটি টকাৰ গাঞ্জা জব্দ

By

Published : May 17, 2022, 10:42 PM IST

নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে পুনৰ অসম আৰক্ষীয়ে লাভ কৰিলে আন এক বৃহৎ সফলতা (Anti Drugs Mission)৷ এক বিশেষ অভিযানত দেওবাৰে নিশা কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাড়ীত জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা (Ganja seized at Karimganj Assam-Tripura border)। এক লাখ দুই লাখ নহয় এইবাৰ কোটি টকাৰ গাঞ্জা ভৰ্তি বাহন জব্দ কৰিলে আৰক্ষীয়ে (Police seized ganja in Assam Tripura border)। উল্লেখ্য যে, ত্ৰিপুৰাৰ আগৰতলাৰ পৰা গুৱাহাটীলৈ DN09 V 9011 নম্বৰৰ এখন ট্ৰাকত গাঞ্জাখিনি সৰবৰাহৰ বাবে লৈ যোৱাৰ সময়ত অৰ্থাৎ অসম প্ৰৱেশৰ লগে লগে আৰক্ষীৰ তালাচিত উদ্ধাৰ কৰা হয় এক টন এক কুইণ্টল 83 কেজি গাঞ্জা (Large amount of Ganja seized in Karimganj)। ইফালে জব্দকৃত গাঞ্জাসহ আৰক্ষীয়ে আটক কৰে উক্ত বাহনখনৰ দুজন চালক ওয়াসীম(হাৰিয়ানা) আৰু ভাসেমক(উত্তৰ প্ৰদেশ)৷ আনহাতে, জব্দকৃত গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 1 কোটি 20 লাখতকৈও অধিক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ সম্প্ৰতি আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।

ABOUT THE AUTHOR

...view details