নামঘৰৰ প্ৰসাদত প্লাষ্টিকৰ মগুমাহ ! - Plastic moongdal at Bamunia Namghar in Barhola
প্লাষ্টিকৰ কণী,চাউল আৰু বন্ধাকবিৰ পাছত এইবাৰ বজাৰত প্লাষ্টিকৰ মগুমাহ ৷ কামপুৰ বৰহোলাৰ বামুনীয়া নামঘৰত অনুস্থিত বছৰেকীয়া নাম-কীৰ্তনৰ বাবে কামপুৰৰ এখন দোকানৰ পৰা ভকতে ক্ৰয় কৰিছিল মগুমাহ ৷ ৰাতি মগুমাহখিনি তিয়াই থোৱাৰ পাচত ভকতে মগুখিনি ধুবলৈ লওঁতে প্ৰত্যক্ষ কৰিছিল প্লাষ্টিক সদৃশ মগু । তাৰ পাছতে ৰাইজৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিৱেশৰ ৷ প্ৰসাদ খিনি খোৱাৰ অনুপযুক্ত বুলি ৰাইজে প্ৰকাশ কৰাৰ পাচতে অসম চৰকাৰৰ যোগান বিভাগক ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী তুলিছে ৰাইজে ৷ ইফালে,কৰ'ণা মহামাৰীৰ বাবে মূল্যবৃদ্ধিৰ সুযোগ লৈ একাংশ দুষ্ট চক্ৰই এনেদৰে প্লাষ্টিকৰ মগুমাহ বজাৰত মুকলি কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সচেতন লোকসকলে ৷