অসম

assam

ETV Bharat / videos

পুনৰ মৃত্যুমুখলৈ "প্ৰাগ বচিমি চিন্থেটিক্স লিমিটেড ! - প্ৰাগ বচিমি চিনথেটিকছ লিমিটেড

By

Published : Sep 18, 2019, 8:37 PM IST

কি হ'ব অসমৰ একমাত্ৰ পলিষ্টাৰ উদ্যোগ প্ৰাগ বচিমি চিনথেটিকছ লিমিটেডৰ ? পুনৰ মৃত অৱস্থালৈ ঘূৰি যাব নেকি উদ্যোগটো ? চলিত বৰ্ষৰ 13 মে'ত উদ্যোগটোৰ মূল বৈদ্যুতিক টাৱাৰ ভাঙি পৰাত পুনৰ বন্ধ হৈ পৰে উৎপাদন ৷ তাৰ পিচতেই জুন মাহত চাটাই কৰা হয় শতাধিক কৰ্মীক ৷ লগতে বাকী ৰোৱা কৰ্মচাৰী সকলেও সম্পূৰ্ণ দৰমহা লাভৰ পৰা বঞ্চিত হৈ পৰে ৷ এতিয়া প্ৰশ্ন হয় 300 বিঘা কৃষিভূমি অপচয় কৰি প্ৰতিষ্ঠা কৰা উদ্যোগটোক অৰ্ধমৃত অৱস্থাত ৰখাৰ কাৰণ কি? ইয়াৰ ফলত লাভ হৈ আছে নেকি কোনো ব্যক্তি বিশেষৰ? উদ্যোগটো পুনৰজ্জীৱিত কৰাৰ স্বাৰ্থত চৰকাৰে 2016 চনত 65 কোটি টকা মোকলাই দিয়াৰ পিছতো উদ্যোগটো লাভজনক অৱস্থালৈ ঘূৰি নহাৰ কাৰণ সম্পৰ্কে তদন্ত কৰিবনে কৰ্তৃপক্ষই?

ABOUT THE AUTHOR

...view details