অসম

assam

ETV Bharat / videos

ৰাসায়নিক পদ্ধতিৰে নহয় জৈৱিক পদ্ধতিৰে খেতি খাৰুপেটীয়াত - ৰাসায়নিক সাৰ

By

Published : Dec 16, 2020, 8:56 PM IST

ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক পদ্ধতিৰে আলু বেঙেনাৰ সলনি কেপছিকামৰ খেতি কৰি হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে খাৰুপেটীয়াৰ এগৰাকী কৃষকে। খাৰুপেটীয়াৰ নিকটৱৰ্তী খগজানী গাঁৱৰ ওমৰ আলী নামৰ কৃষক গৰাকীয়ে বিগত চাৰি পাঁচ বছৰ ধৰি কৰি আহিছে আলু বেঙেনা, ফুলকবি, বন্ধাকবিৰ খেতি । এই সমূহ পাচলি চাহিদা দিনক দিনে কমি অহাৰ বাবে বিকল্প হিচাপে জৈৱিক পদ্ধতিৰে আৰম্ভ কৰে আপেল বগৰী , ব্ৰুকলিৰ লগতে দুবিঘা মাটিত কেপছিকামৰ খেতি । প্ৰতি বিঘাত ১৫ হাজাৰ টকা খৰচ কৰি প্ৰতি কেজি কেপছিকাম ৫০ টকা দৰত বিক্ৰী কৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে হাজাৰ হাজাৰ টকা । অনাগত দিনত সকলো ধৰণৰ পাচলি খেতি জৈৱিক পদ্ধতিৰে কৰাৰ কথা অবগত কৰে কৃষক ওমৰ আলীয়ে ।

ABOUT THE AUTHOR

...view details