অসম

assam

Gambling in Kalgachia: বৰপেটা জিলাৰ বালিকুৰীত মুকলিকৈ বহিছে জুৱাৰ আড্ডা

By

Published : Jul 26, 2022, 11:35 AM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন সময়ত অভিযান চলাই জুৱাৰ আড্ডাৰ দৰে অসামাজিক কাৰ্য উৎখাত কৰি আহিছে অসম আৰক্ষীয়ে ৷ ইয়াৰ পাছতো কোনো কোনো স্থানত এতিয়াও মুকলিকৈ চলি আহিছে অতি নিলগতে (Open gambling in Barpeta)৷ ইফালে, বৰপেটা জিলাৰ কলগাছিয়াত স্থানীয় আৰক্ষীক এক প্ৰকাৰে অপেন চেলেঞ্জ দি একাংশ জুৱাৰীয়ে চলাই গৈছে জুৱাৰ আড্ডা(Gambling Case at Kalgachia)৷ লক্ষণীয় বিষয় যে, বালিকুৰী আৰক্ষী চকীৰ অতি নিলগতেই প্ৰায়েই চলি আহিছে জুৱাৰ আড্ডা ৷ স্থানীয় ৰাইজে বাৰম্বাৰ এই বিষয়ে কলগাছিয়া-বালিকুৰী আৰক্ষীক অৱগত কৰি আহিছে যদিও এই লৈ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়ে ৰাইজৰ এই অভিযোগৰ ভিত্তিত স্থানীয় সাংবাদিকৰ এটা দলে সেই স্থানত চলালে অভিযান ৷ ইয়াৰ পিছতে উক্ত স্থানত সাংবাদিকৰ দলটি উপস্থিত হোৱাৰ উমান পাই জুৱাৰীকেইটাই পলায়ন কৰে ৷ স্থানীয় একাংশ লোকৰ অভিযোগ, একাংশ আৰক্ষীক মেনেজ কৰি দুষ্টচক্ৰই চলাই আহিছে জুৱাৰ আড্ডা ৷

ABOUT THE AUTHOR

...view details