অসম

assam

শোকৰ বন্যা বৈছে অ’এনজিচিৰ বিষয়া ৰিতুল শইকীয়াৰ ঘৰত

By

Published : Apr 25, 2021, 11:21 AM IST

মঙলবাৰে মাজ নিশা লাকুৱাৰ পৰা এখন এম্বুলেঞ্চযোগে তিনিজন অ’এনজিচিৰ বিষয়াক অস্ত্ৰধাৰী দুৰ্বৃত্তই অপহৰণ কৰাৰ পাচতে সমগ্ৰ ৰাজ্যত বিৰাজ কৰিছিল চাঞ্চল্যই ৷ কিন্তু মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক শনিবাৰে নিশা অসম আৰক্ষী আৰু সেনা বাহিনীয়ে উদ্ধাৰ কৰাৰ পাচতো আন গৰাকী বিষয়া ৰিতুল শইকীয়াৰ কোনো সন্ধান নোপোৱাত শোকত ভাগি পৰিছে পৰিয়াল তথা আত্মীয়-স্বজন ৷ ইফালে, অভিযানকাৰী দলটোৱে আলফা স্বাধীনলৈ সন্দেহৰ আঙুলি টোৱাইছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ পোৱা নাই ৰিতুল শইকীয়াৰ ৷ কোনো এটা সংগঠনে অপহৰণৰ দায়িত্ব স্বীকাৰ নকৰাত পুত্ৰক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাইছে ৰিতুল শইকীয়াৰ পৰিয়ালে ৷

ABOUT THE AUTHOR

...view details