শোকৰ বন্যা বৈছে অ’এনজিচিৰ অভিযন্তা অলকেশ শইকীয়াৰ ঘৰত
বিগত বৰ্ষৰ 21 ডিচেম্বৰত অৰুণাচলস্থিত কুইপ’ৰ কাৰ্যালয়ৰ পৰা দুগৰাকী অভিযন্তা অপহৃত হোৱাৰ পাচতে পুনৰ লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি বিষয়াক মঙলবাৰে মাজনিশা অপহৰণ কৰে বন্দুকধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলে ৷ প্ৰায় 6 মাহ পূৰ্বে শিক্ষা সাং কৰি চাকৰিত যোগদান কৰা সৰ্বাইবন্ধাৰ অভিযন্তা অলকেশ শইকীয়াৰ ঘৰত বৈছে শোকৰ বন্যা ৷ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইঞ্জিনিয়াৰিং পাছ কৰি কৰ্মস্থলীত যোগদান কৰা অভিযন্তা গৰাকীয়ে মাত্ৰ দুদিন পূৰ্বে ঘৰৰ পৰা গৈছিল কৰ্মস্থলীলৈ ৷ বুধবাৰে ৰাতিপুৱা অপহৰণৰ খবৰ বিয়পি পৰাত দুখত ভাগি পৰিছে মাতৃ লণি শইকীয়া আৰু ভাতৃ অনুৰাগ শইকীয়া ৷ 2009 চনত পিতৃহাৰা হোৱা তিনি সন্তানক বুকুত বান্ধি কঠোৰে সংগ্ৰামেৰে পুত্ৰক উপযুক্ত কৰি তোলা মাতৃ গৰাকীয়ে অতি সোনকালে পুত্ৰক মুকলি কৰি দিবলৈ কাতৰ অনুৰোধ জনাইছে ৷
Last Updated : Apr 21, 2021, 1:24 PM IST