বিদ্যুৎ পৰিবাহী তাঁৰত কাম কৰি থাকোতেই বিদ্যুৎস্পৃষ্ট হৈ নিহত কৰ্মচাৰী - বিদ্যুৎপিষ্ট হৈ বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰী নিহত
নলবাৰী বৰধানতলীত শুকুৰবাৰে পুৱা বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰীয়ে মৃত্যুক আকোৱালী লবলবীয়া হয়(Labourer Dies of Electrocution) ৷ নিহত কৰ্মচাৰী লাল চান্দ আলী বুলি জানিব পৰা হৈছে(Death due to electrocution) । লাল চান্দ আলী বিদ্যুৎ বিভাগৰ অস্থায়ী কৰ্মচাৰী আছিল ৷ ১১ হাজাৰ ভল্টৰ বিদ্যুৎ পৰিবাহী লাইটৰ তাঁৰত লাগি মৃত্যু হয় কৰ্মচাৰীজনৰ ৷ আনহাতে এই ঘটনাত বিভাগটোৰ আন দুজন কৰ্মচাৰী আহত হয় ৷ আহত লোককেইজনক সম্প্ৰতি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ তেওঁলোক ক্ৰমে দক্ষিণ শিংৰাৰ মুকুল মালাকৰ আৰু ৰাজীব কলিতা বুলি জানিব পৰা হৈছে(2 Injured due to electrocution in Nalbari) ৷ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে ৷ কৰ্মচাৰীকেইজনে কাম কৰি থকা অৱস্থাত কোনো লোকে বিদ্যুৎ সংযোগ কৰাৰ ফলত সংঘটিত হয় উক্ত ঘটনাটো ।