মহিলাৰ আপত্তিজনক ফটো ভাইৰেল, ভোক্তভোগী মহিলাই তৰিলে গোচৰ - মহিলাৰ আপত্তিজনক ফটো ভাইৰেল চছিয়েল মিডিয়াত
এগৰাকী বিবাহিত মহিলাৰ আপত্তিজনক ফটো ভাইৰেল চছিয়েল মিডিয়াত (Offensive photos of woman goes viral)। এই ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ কঞা থানাৰ অন্তৰ্গত লাচি বিষ্ণুপুৰত ৷ দুই সন্তানৰ মাতৃৰ আপত্তিজনক ফটো সামাজিক মাধ্যমত ভাইৰেল কৰি মানসিক নিৰ্যাতন কৰি অহাৰ অভিযোগ বিষ্ণুপুৰৰ ভৱজ্যোতি কলিতাৰ বিৰুদ্ধে । দীৰ্ঘদিন ধৰি যুৱকজনে মহিলাগৰাকীক ভয় ভাবুকি প্ৰদান কৰি অহাৰো অভিযোগ কৰিলে ভোক্তভোগী মহিলাগৰাকীয়ে । অৱশেষত চৰম সীমা অতিক্ৰম কৰি যুৱকজনে চছিয়েল মিডিয়াত মহিলাগৰাকীৰ বিভিন্ন আপত্তিজনক ফটো ভাইৰেল কৰাৰ অভিযোগ । ইয়াৰ পিছতে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে মহিলাগৰাকী । কঞা আৰক্ষী চকীত মহিলাগৰাকীয়ে যুৱকজনৰ বিৰুদ্ধে দাখিল কৰিছে এখন এজাহাৰ (Victim file case) ।