মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য হিচাপে দায়িত্ব গ্ৰহণ নিৰোদ বৰুৱাৰ - Newly appointed VC of Majuli Cultural University
মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচাৰ্য হিচাপে দায়িত্ব লাভ কৰিছে নিৰোদ বৰুৱাই (Nirod Baruah Newly appointed VC of Majuli Cultural University) । নতুন উপাচাৰ্যক শুভেচ্ছা জনালে বিদায়ী প্ৰথম গৰাকী উপাচার্য ডঃ ডম্বৰু ধৰ নাথে । তেওঁ কয় এদিন এইখন বিশ্ববিদ্যালয়ে বিশ্বৰ আগশাৰীৰ বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হ’ব, বিশ্বমুখি যাত্ৰা হ’ব মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ । বৰ্তমান বিদেশৰ পৰা কেইবাগৰাকীও গৱেষক ছাত্ৰই গৱেষণা কৰিবলৈ যোগাযোগ কৰিছে । মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়খনক আগুৱাই নিয়াৰ সকলো ধৰণৰ কাম ডম্বৰুধৰ নাথৰ দিনতে আৰম্ভ হৈছিল । বৰ্তমান নতুন বিষয় খুলিবৰ বাবে বিদায়ী উপাচাৰ্য গৰাকীয়ে চৰকাৰলৈ থলুৱা পৰম্পৰাগত শিক্ষা প্ৰদানৰ বাবে অসমীয়া পিঠা, মুগাৰ কাপোৰ বোৱা, মুগা পোহা, কাপোৰ বোৱা আৰু লোকাচাৰ আদিৰ ওপৰত চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ কথা জানিব দিয়ে । লগতে চৰকাৰৰ সদিচ্ছাৰো আশা কৰিলে বিদায়ী উপাচাৰ্যগৰাকীয়ে ।