অসম

assam

ETV Bharat / videos

মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে ন-কইনাৰ দৰে সজাইছে ডিব্ৰুগড় চহৰখনক - ৭৬ তম স্বাধীনতা দিৱস

By

Published : Aug 14, 2022, 1:40 PM IST

৭৬ তম স্বাধীনতা দিৱস(76th Independence Day) উদযাপন কৰিবলৈ এইবাৰ বিশেষভাৱে তৎপৰ হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ । স্বাধীনতা দিৱস উদযাপন পৰা দেশৰ কোনো এজন নাগৰিক যাতে বাদ পৰি নাযায় তাৰ বাবেও অধিক সতৰ্ক হৈছে ৰাজ্য চৰকাৰ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজেই বিভিন্ন কাৰ্যসূচী লৈ ৰাইজক সজাগ কৰা চেষ্টা কৰা পৰিলক্ষিত হয় । এইবাৰ জাতীয় পতকা খন লৈ যেন দেশৰ প্ৰতি থকা শ্ৰদ্ধা, ভক্তি প্ৰতিজন নাগৰিকে প্ৰকাশ কৰে তাক আহ্বান জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰীৰ আহ্বানৰ পাছতে স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি ডিব্ৰুগড় চহৰখনক ন ৰূপত সজাই পৰাই তুলিছে ডিব্ৰুগড়ৰ ব্যৱসায়ী সন্থাই (Dibrugarh town decorated in a new look) । ডিব্ৰুগড় চহৰৰ ব্যৱসায়ী সন্থাৰ এক প্ৰচেষ্টাত জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈ চহৰখনৰ কল ৰোড, পকা বজাৰৰ লগতে কেইবাটাও ব্যস্ত পথত ৰাষ্ট্ৰীয় পতাকা লগাই চহৰখনক আটক ধুনীয়াকৈ সজাই পৰাই তোলা পৰিলক্ষিত হয় । বিশেষকৈ সন্ধিয়াৰভাগত খুবেই নান্দনিক হৈ পৰিছে চহৰখন ।

ABOUT THE AUTHOR

...view details