অসম

assam

ETV Bharat / videos

পুনৰ খুলি দিয়া হ’ল কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন শ্লু’ইজ গেট - Floods in karbi Anglong

By

Published : Jun 17, 2022, 7:06 PM IST

ৰাজ্যজুৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত (Heavy rainfall hits Assam) বিভিন্ন প্ৰান্তত বান আৰু ভূমিস্খলনে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে শুকুৰবাৰে পুনৰ খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ৪ টাকৈ শ্লু’ইজ গেট (NEPCO release water from Karbi Langpi power project) ৷ বৃহস্পতিবাৰেও চাৰিটাকৈ শ্লুইজ গেইট খুলি দিয়াৰ ফল স্বৰূপে বৈঠালাংছ’কে ধৰি বৃহৎৰ অঞ্চল জলমগ্ন হৈ পৰে (Floods in karbi Anglong)৷ নেৰেপেৰা বৰষুণৰ ফলত প্ৰকল্পটোত জমা হোৱা অতিৰিক্ত পানী মোকলাই দিবলৈ পুনৰ খুলি দিয়া হৈছে এই চাৰিটাকৈ শ্লু’ইজ গেট ৷ উক্ত শ্লুইজ গেইট খুলি দিয়াৰ পিছত আতংকিত হৈ পৰিছে বৰপানী নৈৰ নৈপৰীয়া ৰাইজ ৷ সম্প্ৰতি আটাইকেইটা শ্লু’ইজ গেট এৰি দিয়াত আকৌ ফেনে-ফোটোকাৰে ওফন্দি উঠিছে নৈৰ বুকু ৷ যাৰ ফলত বৈঠালাংছ'ৰ লগতে নামনিৰ বৃহত্তৰ অঞ্চল যেনে, হোজাই, নগাঁও জিলাৰ কচুৱা, লংজাপ, কামপুৰ, ৰহা আদিত ঘৰ-বাৰী, খেতি-পথাৰ জলমগ্ন হোৱাৰ আশংকা কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details