অসম

assam

ETV Bharat / videos

বৰপেটাৰ অন্যতম নাট্য গোষ্ঠী ‘মুখা'ৰ সপ্তম বাৰ্ষিক বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ - নাট্য গোষ্ঠী মুখাৰ সপ্তম বাৰ্ষিক বিষ্ণুজ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ

🎬 Watch Now: Feature Video

By

Published : May 2, 2022, 5:31 PM IST

দেওবাৰৰ পৰা আৰম্ভ হৈছে বৰপেটাৰ অন্যতম নাট্য গোষ্ঠী ‘মুখা'ৰ সপ্তম বাৰ্ষিক বিষ্ণু-জ্যোতি ৰাষ্ট্ৰীয় নাট সমাৰোহ (7th National drama festival in Barpeta) ৷ বৰপেটাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ১ মে'ৰ পৰা ৫ মে'লৈ পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে এই ৰাষ্ট্ৰীয় নাট সমাৰোহৰ (Natya dal mukhas 7th national drama festival) ৷ দেওবাৰে নাট্য অনুৰাগী ৰাইজৰ উপস্থিতিত নাট সন্ধিয়া উদ্বোধন কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ বিষ্ণু-জ্যোতিৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে বৰপেটাৰ উদীয়মান সমাজ কৰ্মী দেৱাদীব দাসে ৷ নাট সন্ধিয়া উদ্বোধনৰ লগত সংগতি ৰাখি বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ জিলা পুথিভঁৰাল চৌহদত আয়োজন কৰা প্ৰতিভাৱান চিত্ৰ শিল্পী নিৰ্জুৰাজ দাসৰ কলা বিথিকা উদ্বোধন কৰে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই ৷ প্ৰতি বছৰে ৰাষ্ট্ৰীয় নাট সমাৰোহত দেশৰ বিভিন্ন ৰাজ্যৰ একাংশ আগশাৰীৰ নাট্য দলে অংশগ্ৰহণ কৰি আহিছে ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম হোৱা নাই ৷ গুৱাহাটীৰ শৃগাল,অনুশীলন, অনুভৱ দ্য এক্টৰ্চ গীল্ড,বৰপেটাৰ ‘মুখা' আৰু নগাঁৱৰ শতাব্দী নাট্য গোষ্ঠীৰ লগতে এইবাৰৰ ৰাষ্ট্ৰীয় নাট সমাৰোহত অংশ লোৱা বহিঃৰাজ্যৰ নাট্য দল দুটা হৈছে ক্ৰমে ছিকিম ৰাষ্ট্ৰীয় নাট বিদ্যালয় আৰু কলকাতাৰ এবং আমৰা থিয়েটাৰ ৷

ABOUT THE AUTHOR

...view details