Music director duo Jitu Tapan : সংগীত পৰিচালক যুটি জিতু-তপনলৈ কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা - কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা
সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ উদ্যোগত কমলা শইকীয়াৰ ৩১ সংখ্যক মৃত্যু বাৰ্ষিকীত স্মাৰক বক্তৃতা প্ৰদানৰ আয়োজন কৰাৰ লগতে সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ আয়োজন কৰা হৈছে । ৯ আগষ্টত উজানবজাৰ বিবেকানন্দ কেন্দ্ৰত আয়োজন কৰা অনুষ্ঠানত ‘‘সংবাদ মাধ্যমৰ সাম্প্ৰতিক অৱস্থা’’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড৹ উদয়ন মিশ্ৰই । এই অনুষ্ঠানতে সংগীত জগতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে সংগীত পৰিচালকদ্বয় জিতু শৰ্মা আৰু তপন ভট্টাচাৰ্যক (জিতু-তপন যুটি) (Music director duo Jitu Tapan) প্ৰদান কৰা হ’ব সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা । এই বঁটাত থাকিব নগদ এক লাখ টকাৰ লগতে এখনি প্ৰশস্তি পত্ৰ (Music Director Duo Jitu Tapan Felicitated) । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰে সংবাদিক কমলা শইকীয়া স্মাৰক ন্যাসৰ সম্পাদক দীপজ্যোতি গোস্বামীয়ে । তেওঁ কয় যে, ২০১৯ চনলৈকে ন্যাসে ১৫ গৰাকী প্ৰবীণ সাংবাদিক আৰু বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনাইছে । ২০১২ চনৰ পৰা প্ৰৱৰ্তন কৰা সাংবাদিক কমলা শইকীয়া ৰাষ্ট্ৰীয় বঁটা ইতিমধ্যে চাৰিগৰাকী ব্যক্তিক প্ৰদান কৰিছে । ক’ভিড মহামাৰীৰ পৰিস্থিতিৰ বাবে ২০২০ আৰু ২০২১ চনত স্মাৰক বক্তৃতা আৰু ২০২০ চনত ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিব পৰা নহ’ল ।