অসম

assam

Music workshop: গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত সংগীত কৰ্মশালা

By

Published : Jul 22, 2022, 7:06 AM IST

গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আয়োজন কৰা হৈছে শাস্ত্ৰীয়, লঘূ শাস্ত্ৰীয়, সুগম সংগীতৰ কৰ্মশালা (Music workshop organized in Guwahati)। অসমৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান সংগীত জেউতিৰ উদ্যোগত আৰু 'মগন মন্দিৰ' কলকাতাৰ সহযোগত ২০ জুলাইৰ পৰা ২৪ জুলাইলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই সংগীতৰ কৰ্মশালাৰ ৷ উক্ত কৰ্মশালাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰে 'মগন মন্দিৰ' কলকাতাৰ কৰ্ণধাৰ গুৰু বিদূষী মন্দিৰা লাহৰী আৰু গায়িকা গায়ত্ৰী হাজৰিকাই (Vidushi Mandira Lahiri and singer Gayatri Hazarika)। সংগীত জেউতিৰ সভাপতি নয়ন প্ৰসাদ আৰু সম্পাদক গায়ত্ৰী হাজৰিকাই জানিবলৈ দিয়া মতে, অসমত সংগীতৰ প্ৰচাৰ-প্ৰসাৰৰ লগতে নৱ প্ৰজন্মৰ মাজত এনেধৰণৰ সংগীতৰ চৰ্চা অব্যাহত ৰাখিবলৈ এই সংগীত কৰ্মশালাৰ আয়োজন কৰা হৈছে ।

ABOUT THE AUTHOR

...view details