হাইলাকান্দিত পৌৰকৰ্মীৰ প্ৰতিবাদ - HAILAKANDI
হাইলাকান্দি, 1 ছেপ্তেম্বৰ: ক'ভিড-19 ৰ ত্ৰাস অব্যাহত থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে পৌৰসভা কৰ্মচাৰীৰ প্ৰতিবাদ ৷ বিভিন্ন ধৰণৰ দাবী পূৰণৰ বাবে ৰাজ্যজুৰি কৰ্মচাৰী সকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ ৰাজ্যৰ অন্য জিলাৰ লগতে হাইলাকান্দি জিলাতো পৌৰসভা কৰ্মচাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পুৱা 11 বজাৰ পৰা পৌৰসভা কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে কৰ্মচাৰী সকলে ৷ তেওঁলোকৰ চাকৰী নিয়মীয়াকৰণ কৰা, আধৰুৱা দৰমহা আদায় দিয়াৰ উপৰিও বহু কেইটা দাবীৰে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত অসম চৰকাৰ হায় হায়, নগৰ উন্নয়ন মন্ত্ৰী পীযুষ হাজাৰিকা মুৰ্দাবাদ আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে । উল্লেখ্য যে, তিনিদিন ধৰি সাব্যস্ত কৰিব তেওঁলোকে প্ৰতিবাদ ৷ আগন্তক তিনি দিন কাৰ্যালয়ৰ সকলো কামকাজ বন্ধ থাকিব বুলি প্ৰতিবাদকাৰীয়ে স্পষ্ট কৰি দিয়ে ৷ লগতে, আগন্তক সময়ত যদি তেওঁলোকৰ দাবী সমূহ পূৰণ নকৰে তেতিয়াহলে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ প্ৰদান কৰিছে কৰ্মচাৰী সকলে ৷ লগতে পঢ়ক : 4 ছেপ্টেম্বৰলৈ অসমত কাৰ্যকৰী নহ'ব আনলক 4