ভূপেন বৰাক উভতি ধৰিলে সাংসদ দিলীপ শইকীয়াই - Har Ghar Triranga
বাইহাটা চাৰিআলিত সাংসদ দিলীপ শইকীয়া(MP Dilip Saikia at Baihata) । শনিবাৰে নিশা বাইহাটা চাৰিআলিত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Triranga) এক অনুস্থানত অংশ গ্ৰহণ কৰিছিল । ৰাষ্ট্ৰীয় পতাকাৰ কাপোৰ খদ্দৰৰ সলনি অন্য কাপোৰ ব্যৱহাৰ কৰা বিষয়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সাংসদ গৰকীয়ে কয় যে দেশৰ সংবিধান সংশোধনৰ জড়িয়তেহে কৰা হৈছে । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ঘৰে ঘৰে পতাকা উত্তোলন কৰিবৰ বাবে যাতে সাধাৰণ লোকে নুন্যতম মাননিৰে ক্ৰয় কৰিব পাৰে তাৰ বাবে ২০২১ চনতে সংবিধান সংশোধন কৰি খাদীৰ উপৰিও অন্য কাপোৰ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হৈছিল বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে । আনহাতে আৰ এছ এছ ৰ কাৰ্যালয়ত ২০০৪ চন পৰ্য্যন্ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হোৱা নাছিল বুলি কংগ্ৰেছ সভাপতি ভূপেন বৰাই কৰা মন্তব্যত সাংসদ গৰাকীয়ে কয় ভূপেন বৰাই পুৱা কি কয় আবেলি কি কয় কোনো বেলেন্স নোহোৱা হৈছে(MP Dilip Saikia reacts to Bhupen Bora remarks) ।