অসম

assam

ETV Bharat / videos

ডিফুৰ বোকাজানত এগৰাকী মহিলাই জন্ম দিলে তিনিটাকৈ কন্যা সন্তান - বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰ

By

Published : May 19, 2022, 10:56 PM IST

ডিফু চিকিৎসা মহাবিদ্যালয়ত এগৰাকী গৰ্ভৱতী মহিলাই জন্ম দিলে তিনিটাকৈ কন্যা সন্তান(Three Baby born in Diphu) ৷ প্ৰাপ্ত খবৰ অনুসৰি যোৱা ১৫ মে'ত বোকাজানৰ নিবাসী সঞ্জয় মজুমদাৰৰ গৰ্ভৱতী পত্নী ৰিংকু মজুমদাৰক বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰত প্ৰসূতিজনিত কাৰণত ভৰ্তি কৰা হয় যদিও তাৰ পৰা মহিলাগৰাকীক ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷ ইফালে, ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰিংকু মজুমদাৰে ১৫ মে'ত সাধাৰণ পদ্ধতিৰে তিনিটাকৈ কন্যা সন্তানৰ প্ৰসৱ কৰে ৷ কন্যা সন্তান তিনিটাৰ ওজন ক্ৰমে, ১'৫ কেজি, ২ কেজি আৰু ১'৯ কেজি ৷

ABOUT THE AUTHOR

...view details