Theft Incident: কৰ্তব্যৰত নাৰ্চৰ চেম্বাৰৰ পৰা মোবাইল নিলে চোৰে - private nursing home of mongoloid
মঙলদৈ চহৰৰ মাজমজিয়াত থকা দেবচঞ্চ নাৰ্চিং হোমৰ কৰ্তব্যৰত এগৰাকীৰ নাৰ্ছৰ মোবাইল ফোনটো শুকুৰবাৰে কোনো লোকে নাৰ্চৰ চেম্বাৰৰ পৰা চুৰি কৰি নিয়ে ৷ কৰ্তব্যৰত নাৰ্চগৰাকীয়ে চেম্বাৰত আহি মোবাইল ফোনটো দেখা নাপায় বিচাৰ-খোচাৰ আৰম্ভ কৰে(Mobile phone stolen from hospital) ৷ কিন্তু মোবাইল ফোনটো নাপায় চিচি কেমেৰাত চোৱাত ধৰা পৰে সমগ্ৰ ঘটনা ৷ নাৰ্চগৰাকীয়ে দায়িত্ব পালন কৰা সময়ত চেম্বাৰত কোনো নথকাৰ সুযোগ লৈ এজন যুৱকে সুযোগ বুজি চুৰি কৰি নিয়ে ফোনটো ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে জুৰিমা বৰা নামৰ নাৰ্চগৰাকীয়ে ৷