বিহু বুলি বিহুগীত জুৰিলে বিধায়ক অতুল বৰাই
আজি গৰু বিহু (Goru bihu celebrations )। ঢোল-পেঁপাৰ মাতেৰে মুখৰিত হৈ পৰিছে প্ৰতিঘৰ অসমীয়াৰ পদূলি (Assamese bihu festival) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো আৰম্ভ হৈছে গৰু বিহুৰ আনন্দ উল্লাস (Goru bihu celebrations in Guwahati) ৷ তাৰ মাজতে গৰু বিহুৰ দিনা দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই জু -ৰোডস্থিত নিজা বাসগৃহত পৰম্পৰাগত ৰীতি নীতি অনুসৰি পালন কৰে গৰু বিহু (MLA Atul Bora celebrates Bohag Bihu) । বিধায়ক গৰাকীৰ বাসগৃহৰ চৌহদত দিনৰ ভাগত কাৰ্বি সমাজৰ পৰম্পৰাগত নৃত্য গীতত অংশ গ্ৰহণ কৰে বিধায়ক গৰাকীৰ লগতে তেওঁৰ পৰিয়ালে । বিহুৰ আনন্দতে বিধায়কগৰাকীয়ে গালে ‘‘বিলত পানী নহ’লে পদুম ফুল নুফুলে’’ ৷
Last Updated : Apr 17, 2022, 10:28 PM IST