দিন সলনি হ’ল: শ্বাহৰ সাৰথি হ’বলৈ গৈ বাধাৰ সন্মুখীন মন্ত্ৰী ৰণজিৎ দাস
চেঃ, এনেকুৱাটো হ’ব নালাগিছিল..... ! এজন জ্যেষ্ঠ মন্ত্ৰী, তাতে আকৌ দলটোৰ প্ৰাক্তন সভাপতি ৷ তেওঁৰেই যদি এই দশা, বাকীসকলৰ কি হব পাৰে ! আচলতে মূল ঘটনাটো হ'ল এনেকুৱা, গৃহমন্ত্ৰী অমিত শ্বাহ সোমবাৰে পুৱাই গৈছিল ভাৰত-বাংলা সীমান্ত চাবলৈ (Amit Shah visits Indo-Bangla border) ৷ এটা টাৱাৰত উঠি গৃহমন্ত্ৰীয়ে সীমান্ত চাব ৷ বি এছ এফে সকলো তদাৰক কৰি আছে ৷ যথা সময়ত গৃহমন্ত্ৰী টাৱাৰলৈ উঠি গ’ল ৷ লগত মুখ্যমন্ত্ৰী ৷ তেওঁলোকৰ পিছে পিছে চিৰিৰে টাৱাৰলৈ বুলি খোজ দিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ পিছে কেনা লাগিল তাতেই ৷ প্ৰৱেশ পথতেই বাধা দিয়া হ’ল মন্ত্ৰী দাসক (Minister Ranjit Das stopped following union home minister) ৷ তাৰ পিছত কি হ’ল ? চাওক এই ভিডিঅ’...