Ranjeet Kumar Dass in Gujarat : বাঘৰ সৈতে ক’ত খোজ মিলালে মন্ত্ৰী ৰণজিৎ দাসে ? - খাদ্য সামগ্ৰীৰ ক্ৰমাগত আকাশলংঘী মূল্যবৃদ্ধি
বজাৰত বস্তুত জুই চাঁই দাম (Price hike in Assam) । নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ ক্ৰমাগত আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক । বিয়াগোম যোগান বিভাগ ক্ৰিয়াহীন হৈ আছে । মূল্যবৃদ্ধিত সাধাৰণ জনতাৰ পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে । বজাৰ ব্যৱস্থা অনিয়ন্ত্ৰিত হৈ পৰাৰ সময়তে ৰাজ্যৰ খাদ্য আৰু আমাৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ব্যস্ত হৈ আছে আমোদ-প্ৰমোদত । দেওবাৰে মন্ত্ৰীগৰাকীক দেখা গ’ল এক বিশেষ ৰূপত । গুজৰাটৰ Sardar Patel Zoological Park ত তেওঁ বাঘৰ সৈতে খোজত খোজ মিলাই আনন্দ লভিলে । অৱশ্যে গ্লাছৰ ইপাৰে-সিপাৰে থাকি মন্ত্ৰীগৰাকীয়ে কুঁজা হৈ বাঘৰ সৈতে খোজ মিলালে (Ranjeet Kumar Dass walks with tiger in Gujarat) । উল্লেখ্য যে, গুজৰাটৰ টেন্ট চিটি নৰ্মদা-একতা নগৰত দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ আইন মন্ত্ৰী আৰু সচিবসকলৰ সন্মিলন অনুষ্ঠিত হৈছে । উক্ত সন্মিলনত অংশ লোৱাৰ বাবে গুজৰাটত আছে অসমৰ আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস (Ranjeet Kumar Dass in Gujarat) । তাৰে মাজতে মন্ত্ৰীগৰাকীয়ে কৰিলে আমোদ-প্ৰমোদ ।