Pijus Hazarika Vs Bhupen Borah: কংগ্ৰেছে হেনো আনৰ টকা মাৰি খাবলৈহে শিকায়
কেইবাটাও বিষয় সামৰি বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika Takes a jibe at APCC president ) ৷ প্ৰথমেই ভূপেন বৰাৰ কবিতা সন্দৰ্ভত তেওঁ কয় যে, ভূপেন বৰা ইমান জ্ঞানী-গুণী ৷ ইয়াৰ পাছতো ভূপেন বৰাৰ মুখত জ্যোতিপ্ৰসাদ আগৰৱালাক 'কলাগুৰু' হিচাপে অভিহিত কৰাটো দুৰ্ভাগ্যজনক ৷ কলেজীয়া দিনৰে পৰা হেনো ভূপেন বৰা কবি ৷ কিন্তু এই বিষয়ে জনাই নাছিলো বুলি কয় পীযুষ হাজৰিকাই (Pijush Hazarika on Bhupen Bora poem) ৷ ৰাজীৱ ভৱন বিল্ডাৰক দিয়া প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী হাজৰিকাই ৷ তেওঁ কয়, ‘‘কংগ্ৰেছৰ সম্পত্তি কংগ্ৰেছে যি কৰে কৰক ৷ কবলগীয়া একো নাই ৷ শুভেচ্ছা জনাইছো, কিন্তু আগধনৰ মাননি যাতে কোনেও হজম নকৰে’’ (Pijush Hazarika criticizes Bhupen Borah)৷ তেওঁ লগতে কয় যে, বিজেপিত মন্ত্ৰী-বিধায়ক আৰু দলীয় কৰ্মীয়ে নিজৰ পকেটৰ পৰা দলীয় ভৱন নিৰ্মাণৰ বাবে টকা দিয়ে ৷ কিন্তু কংগ্ৰেছত দলৰ টকা মাৰি খাবলৈহে শিকোৱা হয় ৷ সেয়ে বিজেপিক লৈ হিংসা নকৰিবলৈও কয় মন্ত্ৰী হাজৰিকাই ৷