অসম

assam

Minister Bimol Bora in Karimganj: কৰিমগঞ্জৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী বিমল বৰাৰ

By

Published : Jul 25, 2022, 9:00 PM IST

সোমবাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বানে ক্ষতিগ্ৰস্ত এলেকাসমূহৰ পৰিস্থিতি বুজ লোৱাৰ বাবে ৰাতাবাৰীত উপস্থিত হয় মন্ত্ৰী বিমল বৰা (Minister Bimol Bora in Karimganj) ৷ কিছুদিন আগতে বছৰটোৰ দ্বিতীয়টো ভয়ংকৰ বানে ক্ষতিসাধন কৰে ৷ লগতে এই বানত বহুলোকে নিজৰ আপোন ঘৰখন হেৰুৱাই পেলায় ৷ লগতে অঞ্চলটোৰ একাংশ লোক মৎস্যজীৱীলোকৰ হেজাৰ হেজাৰ পুখুৰী পানীৰ তলত বুৰ যোৱাৰ ফলত কেইবাকোটি টকাৰ লোকচান হয় ৷ সোমবাৰে এই অঞ্চলটোত হোৱা ক্ষতিৰ পৰিমাণ পৰ্যবেক্ষণ কৰাৰ বাবে এছিয়াৰ দ্বিতীয় সৰ্ববৃহৎ বিল শনবিলত উপস্থিত হয় মন্ত্ৰী বৰা (Minister Bimol Bora visited Flood effected area of Ratabari ) ৷ মন্ত্ৰীগৰাকীৰ এই বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ সময়ত ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ (MLA Bijoy Malakar) আৰু জিলা উপায়ক্ত মৃদুল কুমাৰ যাদৱও উপস্থিত থাকে ৷ ইপিনে জিলা উপায়ক্তই ক্ষতিৰ সঠিক পৰিমাণ নিৰ্ধাৰণ নকৰাত জিলা উপায়ুক্তৰ ওপৰত ক্ষোভত অগ্নিশর্মা হৈ পৰে ৰাতাবাৰীৰ বিধায়ক বিজয় মালাকাৰ ৷

ABOUT THE AUTHOR

...view details