অসম

assam

ETV Bharat / videos

সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই টিংখাঙত শুভাৰম্ভ কৰিলে ঝুমুইৰ গীত নৃত্য আৰু ঢোলবাদন কৰ্মশালা - ঝুমুইৰ গীত নৃত্য আৰু ঢোলবাদন কৰ্মশালা

By

Published : Sep 3, 2022, 2:27 PM IST

চাহ জনগোষ্ঠী সকলৰ বৰ্ণাঢ্য সাংস্কৃতিক সমাহাৰৰ অন্যতম হৈছে ঝুমইৰ নৃত্য । ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপিত চাহ জনগোষ্ঠী কৰমৰ অংগৰূপে ঝুমইৰ নৃত্য প্ৰদৰ্শন কৰা হয় । জনগোষ্ঠীটোৰ এই মনোৰম সংস্কৃতিক শুদ্ধ ৰূপত উপস্থাপন কৰি নতুন প্ৰজন্মক এই ক্ষেত্ৰত আগ্ৰহী কৰি তোলাৰ স্বাৰ্থত টিংখাঙৰ বিধায়ক তথা মন্ত্ৰী বিমল বৰাই গ্ৰহণ কৰিছে প্ৰসংশনীয় পদক্ষেপ । বিমল বৰাৰ উদ্যোগত টিংখাঙৰ ৪ টা স্থানত আয়োজন কৰা হৈছে ঝুমইৰ গীত আৰু নৃত্যৰ কৰ্মশালা (Jhumur workshop at Tingkhong) । তাৰেই অংশস্বৰূপে টিংখাঙৰ কৰঙণি চাহ বাগিচাত এই কৰ্মশালাৰ আনুষ্ঠানিক শুভাৰম্ভণি কৰে মন্ত্ৰী গৰাকীয়ে (Minister Bimal Borah inaugurated Jhumur workshop) । টিংখাং সাংস্কৃতিক মঞ্চ, চাহ জনগোষ্ঠী মৰ্চা, ভাৰতীয় জনতা যুৱ মৰ্চা আৰু স্থানীয় ৰাইজৰ সহযোগত কৰঙণি চাহ বাগিচাৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ঝুমুইৰ গীত, নৃত্য আৰু ঢোলবাদন কৰ্মশালাত বিশিষ্ট শিল্পী পদ্মশ্ৰী দুলাল মানকিয়ে অংশগ্ৰহণ কৰি ঝুমুইৰ সন্দৰ্ভত এক বিশ্লেষণাত্মক আলোচনা আগবঢ়ায় । অনুষ্ঠানত শিল্পী দুলাল মানকিৰ লগতে মন্ত্ৰী বিমল বৰাই ঝুমুইৰ গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। উল্লেখ্য যে, এই কৰ্মশালাত অঞ্চলটোৰ প্ৰায় শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে ।

ABOUT THE AUTHOR

...view details