নগাঁৱত অৰুণোদয় মাহৰ শুভাৰম্ভণি কৰে মন্ত্ৰী অতুল বৰাই - Arunodaya Month
ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে অৰুণোদয় মাহ (Arunodaya month started in Assam)। অৰুণোদয় আঁচনিৰ জৰিয়তে আৰ্থিক ভাৱে পিছপৰা মহিলা তথা বানত ক্ষতিগ্ৰস্ত হোৱা লোকক সকাহ দিয়াৰ উদ্দেশ্য ৰাজ্য চৰকাৰে হাতত লৈছে এই আচঁনি ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ আজি নগাঁৱতো অৰুণোদয় মাহৰ শুভ উদ্বোধন কৰা হয় ৷ নগাঁও জিলা পুথিভঁৰালত অৰুণোদয় মাহৰ শুভ উদ্বোধন কৰে কৃষি মন্ত্ৰী অতুল বৰাই (Minister Atul Bora inaugurated Arunodaya Month) ৷ লগতে বানত ঘৰ-বাৰী হেৰুওৱা ক্ষতিগ্ৰস্ত লোকক আৰ্থিক সাহায্য প্ৰদানৰ প্ৰতীকী চে'ক প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । অনাগত দিনত যি সকল ছাত্ৰ-ছাত্ৰীৰ বানপানীত কিতাপ, পত্ৰকে ধৰি যিসমূহ প্ৰয়োজনীয় সামগ্ৰী উটি গৈছিল সেই সকল ছাত্ৰ-ছাত্ৰীকো চৰকাৰে সাহায্য প্ৰদান কৰিব বুলি জানিব দিয়ে মন্ত্ৰী অতুল বৰাই ।