কণ্টেইনমেণ্ট জ’নত চৰকাৰী সুবিধা প্ৰদানৰ নিৰ্দেশ অজন্তা নেওগৰ - গোলাঘাট ক’ভিড
বৃহস্পতিবাৰে গোলাঘাটৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ৷ বৈঠকত চৰকাৰৰ উন্নয়নমূলক আঁচনিসমূহৰ কাম ক্ষীপ্ৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । জিলাখনত ক’ভিড পৰিস্থিতিৰ বুজ লৈ বৰ্তমান ৰাজ্যৰ লগতে গোলাঘাটতো ক’ভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱাৰ কথা উল্লেখ কৰে মন্ত্ৰী অজন্তা নেওগে ৷ তেওঁ কয় যে, কণ্টেইনমেণ্ট জ’নত চৰকাৰী সুবিধা প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আৰু চাহ বাগিচা অঞ্চলত ভালদৰে নিৰীক্ষণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰা হৈছে । কোনো ব্যক্তি যদি ক’ভিড পজিটিভ বুলি চিনাক্ত হয়, সেই ব্যক্তিজনক হোম আইচ’লেচন বা অন্যান্য সা-সুবিধাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগক গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়া হয় ৷