যোৰহাটত বিত্তমন্ত্ৰী অজন্তা নেওগে উত্তোলন কৰে স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা - 76 সংখ্যক স্বাধীনতা দিৱস
সমগ্ৰ দেশৰ লগতে সোমবাৰে যোৰহাট জিলাতো উদযাপন কৰা হয় 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence Day of India) । যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত কছাৰী ময়দানত বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয় স্বাধীনতা দিৱস (Independence day celebration in Jorhat) ৷ নিৰ্দ্ধাৰিত সময় অনুসৰি পুৱা 9 বজাৰ লগে লগে বিত্তমন্ত্ৰী অজন্তা নেওগে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে (Minister Ajanta Neog hoisting flag in Jorhat) । মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰি সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় ৷ তেওঁ ত্ৰিৰংগা পতাকাখন কেৱল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতীকেই নহয়, সমগ্ৰ ভাৰতবাসীৰ এক মৰ্যদাৰ প্ৰতীক বুলি উল্লেখ কৰে ৷ যাৰবাবে দেশৰ চুকে কোণে তথা অসমৰ প্ৰতিটো স্থানতেই এই ত্ৰিৰংগা পতাকাখন এক শংকাহীন আৰু মুক্ত মনৰে আকাশত উৰিব লাগিছিল বুলি উল্লেখ কৰে ৷