বঙাইগাঁৱৰ বেহুলাপাৰা মাদ্ৰাছাত ভয়ংকৰ অগ্নিকাণ্ড - ভয়ংকৰ অগ্নিকাণ্ড
বঙাইগাঁও জিলাৰ অভয়াপুৰী বেহুলাপাৰাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড(Massive Fire Breaks out at Bongaigaon) ৷ বেহুলাপাৰা মাদ্ৰাছাৰ এটি গৃহত সংঘটিত হয় এই অগ্নিকাণ্ড । অগ্নিকাণ্ডত মাদ্ৰাছাৰ এটা গৃহৰ(Fire Breaks out in Madrasa) লগতে ওহাব আলী নামৰ এজন ব্যক্তিৰ গৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । অগ্নিকাণ্ডত প্ৰায় ১২ লক্ষাধিক টকাৰ সা-সম্পত্তি জাহ যোৱা বুলি সন্দেহ কৰা হৈছে । অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হ'ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ নিৰ্বাপন কৰে জুই ।