অসম

assam

By

Published : Apr 26, 2022, 10:17 AM IST

ETV Bharat / videos

Massive Fire at BCPL : ডিব্ৰুগড়ৰ গ্ৰেছ ক্ৰেকাৰ প্ৰকল্পত ভয়ংকৰ অগ্নিকাণ্ড

ডিব্ৰুগড়ৰ গ্ৰেছ ক্ৰেকাৰ প্ৰকল্পত অঘটন ৷ সোমবাৰে নিশা বিচিপিএলৰ এএডিপিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড (Fire at Gas cracker of Dibrugarh) । ফলত দাঁতিকাষৰীয়া গাঁৱসমূহত স্বাভাৱিকতে আতংকময় পৰিৱেশৰ সৃষ্টি হয় । আনকি প্ৰাণৰ মমতাত নিশাই বহু লোকে গাঁও এৰি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰে । জানিব পৰা মতে, গেছ বিস্ফোৰণৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । তাৰ পাচতেই একেৰাহে কেইবাঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত অগ্নি নিৰ্বাপক বাহিনীয়ে মঙলবাৰে পুৱাৰ ভাগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ জুই নিৰ্বাপিত হোৱাৰ পিছতো কিন্তু কাকতি, লেপেটকটা, দুলীয়া আদি গাঁৱসমূহৰ বহু লোক বৰ্তমানেও উপস্থিত হোৱা নাই নিজ বাসগৃহত ৷

ABOUT THE AUTHOR

...view details