বৰপেটাত পিতৃ-মাতৃৰ আশীষ বিচাৰি স্মৰণ আৰু সম্বৰ্ধনা অনুষ্ঠান - Mass events to seek parental blessings in Barpeta
দেওবাৰে বৰপেটাত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ বৰপেটাৰ পৰা 1985 চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ (1985 HSLC batch Barpeta) হোৱা শিক্ষাৰ্থীসকলে কল্যাণ সমিতিৰ উদ্যোগত পিতৃ-মাতৃৰ আশীষ বিচাৰি স্মৰণ আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে ৷ যিসকল পিতৃ-মাতৃৰ অশেষ ত্যাগৰ ফলত নিজ সন্তানসকল প্ৰতিষ্ঠিত হ’বলৈ সক্ষম হৈছে সেই পিতৃ-মাতৃসকলৰ সৈতে একেলগে এটা দিন উদযাপন কৰা, একেলগে খোৱা, একেলগে আনন্দ উপভোগ কৰাৰ উদ্দেশ্যৰে দেওবাৰে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ কৰ্মব্যস্ততা আৰু কৰ্মসূত্ৰে পিতৃ-মাতৃৰ পৰা আঁতৰি থকা নিজৰ সন্তানৰ লগতে আন সকলকো এনেদৰে একেলগে লগ পাই মনৰ বতৰা লৈ সুখী আৰু আনন্দিত হৈছে এইসকল পিতৃ-মাতৃ ৷