জীৱন মৰাণক সদৌ মৰাণ ছাত্র সন্থাৰ আদৰণি
সুদীৰ্ঘ 37 টা বছৰৰ পাছত সশস্ত্ৰ সংগ্ৰামৰ পথ বাদ দি সামাজিক জীৱন যাপনৰ পথ বাচি লোৱা আলফা (স্বা)ৰ বিত্ত সচিব জীৱন মৰাণক আদৰণি জনাইছে সদৌ মৰাণ ছাত্র সন্থাই ৷ বুধবাৰে তিনিচুকীয়াৰ বৰগুৰিস্থিত মুখ্য কাৰ্যালয়ত উদযাপন কৰা প্ৰতিষ্ঠা দিৱসত মৰাণক আদৰণি জনাই সংগঠনটোৱে ৷ পৰৱৰ্তী সময়ত যদি আলফাৰ বিত্ত সচিব জীৱন মৰাণে আলফা স্বাধীনৰ লগত কোনো যোগাযোগ নাৰাখে তেন্তে সদৌ মৰাণ ছাত্র সন্থা সদায় সহায়ৰ বাবে প্ৰস্তুত থাকিব বুলি সংগঠনটোৰ বিষয়ববীয়া সকলে জানিবলৈ দিয়ে ৷