Road accident in Jorhat : দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত আহত 7 মেজিক আৰোহী - দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত আহত 7 মেজিক আৰোহী
যোৰহাটত অঘটন ৷ বৃহস্পতিবাৰে যোৰহাট পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পানীচকুৱাত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা (Road accident in Jorhat) ৷ এই দুৰ্ঘটনাত আহত হয় 7জন লোক ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, যোৰহাটৰ পৰা ম’হবন্ধা অভিমুখে আহি আছিল এখন যাত্ৰীবাহী মেজিক ৷ সেই একে সময়তে একে দিশৰ পৰা অহা এখন দ্ৰুতবেগী ট্ৰাকে মহতীয়াই নিলে যাত্ৰীবাহী মেজিকখনক ৷ ফলত গুৰুতৰভাৱে আহত হয় 7 জন যাত্ৰী ৷ পৰৱৰ্তী সময়ত পুলিবৰ আৰক্ষীৰ লগতে স্থানীয় লোকৰ তৎপৰতাত আহত লোক কেইজনক যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই সেই স্থানৰ পৰা পলায়ন কৰে দ্ৰুতবেগী ট্ৰাকখন ৷