অসম

assam

ETV Bharat / videos

Man elephant conflict: মৰিয়নি সমষ্টিৰ ভিন্ন অঞ্চলত বন্যহস্তীৰ তাণ্ডৱ

By

Published : Oct 16, 2022, 7:19 PM IST

ৰাজ্যত দিনক দিনে বৃদ্ধি পাব ধৰিছে হাতী মানুহৰ সংঘাত (Man elephant conflict)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে প্ৰতিদিনে জনাঞ্চলত চলাইছে তাণ্ডৱ । এইবাৰ যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ ভিন্ন অঞ্চলত বন্যহস্তীয়ে চলাইছে ধ্বংসলীলা (Man elephant conflict at Mariani) । গিবন অভয়াৰণ্যৰ (Hoollongapar Gibbon Sanctuary) পৰা অহা বন্যহস্তীৰ জাকটোৱে অঞ্চলটোৰ খেতিপথাৰ তহিলং কৰিছে ৷ জানিব পৰা মতে, বিগত কেইদিনমান ধৰি বন্যহস্তীৰ জাকটোৱে বিচৰণ কৰি আছে অঞ্চলটোত ৷ ইফালে স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰাৰ পিছতো বন্যহস্তীৰ জাকটোক সেই স্থানৰ পৰা বনাঞ্চললৈ পুনৰ খেদি পঠাবৰ বাবে গ্ৰহণ কৰা নাই কোনো বিহিত ব্যৱস্থা ৷ তাৰোপৰি বন বিভাগে জিলাখনত প্ৰায়েই সংঘটিত হৈ অহা হাতী-মানুহৰ এই সংঘাত ৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চটোৰ স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details